???? কাতি বিহু ????

by Suruj Ali
0 comment

অসমীয়াৰ বাপতি সাহোন “কাতিবিহু” আচলতে জাতিটোৰ কৰ্ম-সংস্কৃতি, বিজ্ঞান- মনস্তত্ত্ব আৰু প্ৰকৃতি-সচেতনতাৰ ধাৰক-বাহক আৰু এক গৌৰৱময় জাতীয় পৰম্পৰাৰ নাম। ই অসমীয়াৰ এক অনন্য উৎসৱ। ইয়াৰ গাম্ভীৰ্যতা, তাত্বিক-আধ্যাত্মিক গভীৰতাৰ সৈতে আন দুটা বিহু(ভোগালী আৰু ৰঙালী) নাইবা অন্য কোনো জাতীয় উৎসৱ-পাৰ্বনৰ তুলনা নহয়। কিয়নো, কাতিৰ কঙালিয়েই অসমীয়াক ‘ভোগালী’ৰ ভোগেৰে পুষ্ট হৈ “ৰঙালি”-ৰ আনন্দ-উন্মাদনাৰ মাজলৈ লৈ যোৱাৰ বাট চিকুণায়।

কঙালি অসমীয়াৰ বাস্তৱ-চেতনাৰ অন্য এক নাম। চহা ৰাইজৰ বুকুত হাজাৰ দুখ-কষ্টৰ মাজতো সুখ-আনন্দ আৰু অযুত সম্ভাৱনাৰ সন্ধানৰ সাহস যোগায় কাতিৰ কঙালিয়ে। অভাৱ-অনাটনৰ মাজত থাকিও অসমীয়াক ভোগ আৰু ৰঙৰ দিনলৈ ধৈৰ্যশীল অপেক্ষাৰ বাস্তৱ-শিক্ষা দিয়ে কেৱল কঙালিয়েই। এয়াই হ’ল কাতিবিহুৰ গূঢ়াৰ্থ আৰু মাহাত্ম্য।

কাতি মানে মাটিৰ চাকিৰেই ৰাতিৰ এন্ধাৰ আঁতৰাই পোহৰৰ বাট কাটিবলৈ কৰা এক সাহসী প্ৰচেষ্টাৰ নাম। কাতিবিহু অসমীয়াৰ প্ৰকৃতি তথা পৰিৱেশ-সচেতনতাৰ নাম, জাতিটোৰ বিজ্ঞান-মনস্কতাৰ নাম। আকাশবন্তিৰে হেঁপাহৰ-সপোনৰ খেতিডৰা অনিষ্টকাৰী কীট-পতঙ্গৰ হাতোৰাৰপৰা ৰক্ষা কৰাৰ পণেই হ’ল কাতিবিহু। ই হ’ল বৈজ্ঞানিক দৃষ্টিৰে কৰা প্ৰকৃতিৰ আৰাধনা। আধ্যাত্মিক হৈয়ো ই অবৈজ্ঞানিক নহয়। আমদানিকৃত উৎসৱ দেৱালীৰ অসুস্থ পৰম্পৰা বোমা-ফটকাৰ খাৰ-বাৰুদৰ অনিষ্টকাৰিতাৰপৰা দেশৰ, দহৰ পৰিৱেশ ৰক্ষাৰ এক প্ৰত্যাহ্বান, প্ৰতিকাৰ ৰূপেই যেন কাতিবিহুত প্ৰতিঘৰ অসমীয়াই পদুলিয়ে-পদুলিয়ে ৰোপণ কৰে তুলসীৰ পুলি !
কাতি বিহু মাটিৰ বিহু ৷
কাতিবিহু অসমীয়াৰ আটাইতকৈ বাস্তৱবাদী এক উৎসৱৰ নাম। অসমীয়াৰ সংযমৰ অন্য এক নাম কাতিবিহু। ই অসমীয়াৰ সংযমী, সংগ্ৰামী সত্তাৰ বীজ-বহনকাৰী বিহু। উচ্ছৃঙ্খলতা-উন্মাদনা-উদণ্ডতাৰ বিপৰীতে কাতিবিহু চহা-অসমীয়াৰ সংযম-সাত্বিকতা-আধ্যাত্মিকতা আৰু সাহসিকতাৰ প্ৰতীক।

৷৷ মিনু হাজৰিকা ৷৷

Related Posts

Leave a Comment