হে গুৰু তোমাক প্ৰণাম

by Suruj Ali
0 comment
                    *ৰাজুল আহমেদ*
                       *হোজাই*

হে গুৰু তোমাক প্ৰণাম
জ্ঞানৰ জ্যোতিৰে উপচাই,
আমাক দিয়া পোহৰ বিলাই,
দিলা শত সহস্র মুঠি জ্ঞান,
জীৱনৰ বাট মুকলাই।
তোমাৰ জ্ঞানৰ বন্তিয়ে,
আউসীৰ অমানিশা আঁতৰাই,
আন্ধাৰত পোহৰৰ বাট দেখুৱাই,
তমসা নাশি দিলা আলোকৰ দান,
হোৱা তুমি গুৰু চিৰ মহান।
পিতৃ মাতৃৰ দৰে তুমি নি:স্বাৰ্থ,
স্বাৰ্থ হীনতাই তোমাৰ ধৰ্ম,
নি:স্বাৰ্থতাৰে কৰা জ্ঞান দান।
গুৰু তুমি অনন্য প্ৰেৰণাৰ সাগৰ,
গুৰু তুমি স্ৰষ্টা মোৰ জীৱন বাটৰ।
তোমাৰ প্ৰতিদান নহ’ব পূৰণ
কৃতজ্ঞ মই গুৰু তোমাৰ চৰণে
শতবাৰ গুৰু মই পশিলো শৰণে,
তুমি গুৰু নমস্য চিৰজীৱনৰ
মানৱৰূপী ঈশ্বৰ তুমি এই মৰতৰ।।

Related Posts

Leave a Comment