সেউজী প্ৰকৃতিত তেজৰ সাগৰ

by Suruj Ali
0 comment
             *ৰাজুল আহমেদ*
           *হোজাই*

সত্যক হত্যা কৰি, প্ৰেম নাশ কৰি
নিৰ্দোষীক শেষ কৰি
কিবা জানো পালি?
নিজক মহান বুলি
চিৰকাল সান্ত্বনা লভিলি।
আনৰ মৰম মোহাঁৰি
প্ৰেমবিহীন অন্তৰেৰে
দহৰ প্ৰাণ কিমান কাঢ়ি লবি
সেউজী ধৰা ৰক্তাক্ত কৰিলি
কিনো বা তই পালি?
দুহাঁতত মাথোঁ শূন্যতা
বৰ্বৰ অত্যাচাৰ কেতিয়া হ’ব পতন
গুলী-বাৰুদৰ ধোঁৱাৰে
ক’ত মাতৃৰ বুকুত আঘাত কৰিলি,
শত-সহস্ৰ মাতৃৰ কলিজা ভেদি
তেজেৰে ৰাঙলী কৰিলি
সুশান্ত এই সেউজী ধৰণী
আজি তেজেৰে গঢ়িলে সাগৰ।

Related Posts

Leave a Comment