সুৰুজ আলী
সৰুপথাৰ গোলাঘাট
৯১২৭৪৩৬৯৯৫
গুচি যোৱা সময়ত
হাত খন টানি ধৰি
কৈছিলো মই তাইক
কিয় ধৰিছিলা হাতখন মোৰ
কিয় কৰিছিলা আপোন
কিয় দেখুৱাইছিলা সপোন
ৰাতি কথা নাপাতিলে
টোপনি যোৱা নাছিলা
ৰাতিপুৱাৰ মৰ্নিং মেচেজ নাপালে
বিছনাৰ পৰা উঠা নাছিলা
সকলোবোৰ আছিলে নেকি
মোৰ লগত কৰা অভিনয়
হাত খন টানি আঁতৰাই
হাতযোৰ কৰি কৈছিল তাই
ভাল তোমাকে পাইছিলো
আৰু গোটেই জীৱন পাই থাকিম
তোমাৰ কপালত মই নাছিলোঁ
এতিয়া নো আৰু কি কৰিম
সুখত থাকিবা শান্তিত থাকিবা
সদায় তোমাক মনত ৰাখিম
আচলতে কথাবোৰ
তেনেকুৱা নাছিল
গোটেই জীৱন একেলগে
থকাৰ বাবে তায়েই
শপত খাইছিল।
সময় পাৰ হ’ল মানুহ সলনি হ’ল
সলনি হ’ল তাইৰো মন।
মোক সপোন দেখোৱাই
সপোনতেই এৰি থৈ
বেলেগক কৰিলে আপোন।