মৰুভূমিৰ তৃষ্ণা

by Suruj Ali
0 comment

মৰুভূমিয়ে নাজানে কেতিয়াও
তৃষ্ণাৰ অৰ্থ,
জন্মতেই যি বালিময়
সি কি বুজিব পানীৰ ভাৱাৰ্থ ?

পানীয়েও নুবুজে তাৰ
তৃষ্ণা নিবাৰণৰ গুণ,
সাগৰেও বিচাৰে নিমখিয়া সোৱাদ
গৰ্ভত সাঁচি লৈ অলেখ লোণ।

জুঁইয়েও জাৰত কঁপে
নিজে তপত হৈ,
মানৱে বিচাৰি ফুৰে মনুষ্যতা
আনৰ ওচৰত গৈ।

নিজৰ মাজতেই আৱদ্ধ গুণখিনি
কোনোৱেই নিবিচাৰে,
নিজৰ সুখ নিজে বিসৰ্জন দি
সকলোৱে মৰুভূমিৰ পথিক হৈ
মৰিচিকাৰ পিছে পিছে ঘূৰে।

                    ✍️মাৰজিয়া আহমেদ
                           ০৮/১১/২১

Related Posts

Leave a Comment