✍️সুৰুজ আলী
সৰুপথাৰ গোলাঘাট
📱৯১২৭৪৩৬৯৯৫
মানৱীয়তা আছেনে
এতিয়াও জীয়াই
মানৱীয়তা বুলিলে
কিনো বুজায়?
নকওঁ চৰকাৰ
প্ৰশাসনৰ কথা
কাৰো ওচৰতেই
বিচাৰি নাপাওঁ
মানৱীয়তা।
কিয় বাৰে বাৰে
কোৱা হয় ধৰ্মৰ কথা
ধৰ্ময় শিকায় নে বাৰু
অমানৱীয়তা?
হিন্দু মুছলমান বুলি
নাহে কোনো কথা
সকলো ধৰ্মতেই
দেখো মই মানৱীয়তা।
তেন্তে কিয় আমি
ভাবিব নোৱাৰু
হিন্দু মুছলমান
এক হও?
ধৰ্মৰ সংঘাতত
হিংসাৰ বাদে
আন একো জানো
আমি পাওঁ।
মন্দিৰ দেখিলে
প্ৰণাম কৰো
মছজিদ দেখিলে
ছালাম কৰোঁ
কাৰণ সকলোতে মই
সম্প্ৰীতিৰ
বতৰা পাওঁ।
হেৰৌ সাম্প্ৰদায়িকতাৰ দল
অমানৱীয়তাই
তহতৰ সম্বল।
ধৰ্মৰ ৰাজনীতি
তহতৰ
কোনো দিনেই
নহয় সফল।
এদিন বিফল হ’ব
তহতৰ ৰণ কৌশল
সুণ্য হ’ব সকলো
কু-চক্ৰান্তৰ ফল।
সময়ে একত্ৰিত কৰিব
হিন্দু মুছলমানক
দেখুৱাই দিব
সম্প্ৰীতিৰ বল।
মৰহী যাব
সাম্প্ৰদায়িকতা
দেখা পাম
মানৱীয়তাৰ ফল।
6 comments
সুন্দৰ লিখনি
আন্তৰিক ধন্যবাদ
Dhunia hoise
ধন্যবাদ
খুব সুন্দৰ।ভাল লাগিল পঢ়ি।
আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ