মানসিকতা পৰিৱৰ্তনৰ প্ৰয়োজন

by Suruj Ali
0 comment

আজিৰ আধুনিক যুগত
আমাৰ মানসিকতা কিয় পৌৰাণিক?
কিয় প্ৰস্তুত নহয় আমাৰ মানসিকতা
আজিৰ আধুনিকতাক আকোঁৱালি ল’বলৈ?

আজিৰ প্ৰযুক্তিৰ দিনতো
কিয় আমি জৰাফুকাৰ অন্ধবিশ্বাসী?
আধুনিকতা প্ৰসাৰৰ সময়তো,
কিয় আমি আবদ্ধ পৌৰাণিকতাৰ বন্ধ কোঠালীত?

আৰু সময় নাই পৌৰাণিকতাক,
ধৰি আগুৱাই যাবলৈ.
এতিয়া সময় হ’ল
আধুনিকতাক আকোঁৱালি ল’বলৈ।

শিকিব লাগিব আমি
আধুনিক যুগৰ সৈতে খোজ মিলাবলৈ,
শিকিব লাগিব আমি
আধুনিকতাৰ সাজত সজ্জিত হ’বলৈ।

আজি আধুনিক যুগত
আমাৰ মানসিকতা পৰিৱৰ্তনৰ প্ৰয়োজন,
আধুনিকতাৰ দ্বাৰাই কৰিব লাগিব আমি
আজিৰ সমাজক পৰিৱৰ্তন।

জুবাইৰ আহমদ লস্কৰ
যমুনামূখ,হোজাই(অসম)

Related Posts

Leave a Comment