মহাত্মা গান্ধী

by Suruj Ali
0 comment

ন্যায় নিষ্টা,
বিশ্বাস আৰু আস্থা,
সততা মূল্যবোধৰে,
গঢ়া জীৱন তোমাৰ।
প্ৰেম মমতাৰে,
জগত জিনিলে,
তুমি যুগ,
তুমি শতাব্দী,
তুমি স্বাধীনতাৰ,
অক্লান্ত যোদ্ধা।
জাতিৰ পিতা,
মহাত্মা তুমি,
অহিংসাই পৰম ধৰ্ম,
এয়াই তোমাৰ বাণী।
তোমাৰ স্মৃতি বৈ যাব মননত,
চিৰযুগমীয়া হৈ সৰ্বক্ষণে,
হিংসাজৰ্জৰ পৃথিৱীৰ,
স্বপ্নৰ সদাগৰ তুমি,
নিৰ্জু স্বল্পভাষী সত্যবাদী,
গৰ্ব গুণৰ শিৰোমণি তুমি,
জীৱন্ত শক্তি আপুনি মহাত্মা,
শত কোটি কন্ঠ জিনি,
তুমি আজি জাতিৰ স্বৰ্ণমণি।
আমি স্বাধীন তোমাৰ, অহিংসতাত,
আমি ঋণী তোমাৰ ধৈর্য্যশীলতাত,
আমি নিভাঁজ তোমাৰ কোমলতাত।।

ৰাজুল আহমেদ
হোজাই

Related Posts

Leave a Comment