সুৰুজ আলী
সৰুপথাৰ গোলাঘাট
৯১২৭৪৩৬৯৯৫
কুশল কোঁৱৰ পাৰ্কৰ
নাৰিকল গছৰ তলত
থকা সেই বেঞ্চখনত
অকল তুমি আৰু মই
আৰু আমাৰ সতে
সিদিনাৰ সেই
ভাগৰুৱা সন্ধিয়া,
শূণ্য দূৰত্বত
নীয়ন লাইটৰ তলত
তোমাৰ নিমজ গাল
মোৰ চাতকী ওঠৰ আলিংগন,
সপোন যেন সেই সন্ধিয়া
কপি উঠে ৰোমন্থনত আজিও
মোৰ প্ৰেমাতুৰ হিয়া।
নোৱাৰোঁ কেতিয়াও পাহৰিব
সিদিনাৰ সেই সন্ধিয়া
আজিও চাগে বাট চাই আছে
বেঞ্চখনে কেতিয়া লগ পাম আকৌ আমি
পোৱা যদি সময় কেতিয়াবা
আহিবা আকৌ এবাৰ
কুশল কোঁৱৰ পাৰ্কলৈ সংগ দিম আগৰ নিচিনা।