বাস্তৱপ্ৰেমকাহিনী

by Suruj Ali
0 comment

#ছষ্ঠখণ্ড(৬)
#ৰাবিয়া_বেগম
দেউতাৰ ওচৰৰ পৰা বিষন্ন মনে ৰীনা নিজৰ কোঠালিলৈ যোৱাৰ পাছত মাকে গৈ সান্তনা দি হাত মুখ দুই আহিবলৈ কয় ৷ ৰীনা বাথৰুমত প্ৰৱেশ কৰে ৷ ইফালে ৰীনাৰ দেউতাকৰ খং ৷ মাকে ক’লে, ছোৱালীজনী ঘৰখনত সোমাইছেহি মাত্ৰ ৷ কি হৈছে, কি নহৈছে পিছত তো সুধিব পাৰিলেহেঁতেন ৷ ছোৱালীজনীক ফ্ৰেচ তো হৈ ল’ব দিয়কচোন ৷ ৰীনা বাথৰুমৰপৰা আহি নিজৰ বিছনাত বহিল ৷ ৰীনাৰ মাকে ওচৰতে বহি মূৰত হাত বুলাই দি সুধিলে, কিয় ইমান দেৰি কৰিছিলা মাজনী ৷ কি উত্তৰ দিব ৰীনাই ৷ তাই মনে মনে আছে ৷ মাকে আকৌ সুধিলে, কোৱা মাজনী একো নহয় তোমাৰ ৷ তেতিয়া ৰীনাই লাহেকৈ ক’লে, লগৰ ছোৱালী এজনীৰ ঘৰত গৈছিলোঁ মা ৷ মাকে ক’লে, তুমিতো ফোন এটা কৰিও ক’ব পাৰিলাহেঁতেন ৷ তুমিতো জানাই বৰ্তমান দেশৰ পৰিস্থিতিৰ কথা ৷ চাৰিওপিনে হত্যা, হিংসা, ধৰ্ষণ নিতৌ হৈয়েই আছে ৷ এনে পৰিস্থিতিত নিজৰ ছোৱালীজনী সন্ধিয়ালৈকে উভতি নাহিলে কাৰনো মনে ঘৰ ল’ব কোৱাচোন তুমিয়েই ৷ এনেকুৱা ভুল যাতে আৰু কেতিয়াও নহয় বুলি কৈ মাক ওলাই গ’ল কোঠাৰপৰা ৷

                       ৰাজুলৈ বাৰে বাৰে মনত পৰিছিল ৰীনাৰ ৷ কিমানখিনি বা গৈছে, কি বা কৰিছে ৷ ৰীনা লাহে লাহে গৈ মাকৰ ওচৰ পাইছেগৈ ৷ মাৰ হাতত ধৰি দেউতাৰপৰা মবাইলটো আনি দিবলৈ কাকতি মিনতি কৰিলে ৷ তেতিয়া মাকে ক’লে, খং নোহোৱা হলে এনেই দি দিব মবাইল ৷ এতিয়া মই খুজিলে মোকো ধকম দিব ৷ ৰীনাই আকৌ মাকক অনুৰোধ কৰিলে মবাইলটো আনি দিবলৈ ৷ তেতিয়া মাকৰ অলপ সন্দেহ উপজিল ৰীনাৰ ওপৰত ৷ কিয় তাই এনেকুৱা কৰিছে মবাইলটোৰ কাৰণে ? তোক কৈছোঁ নহয় এনেই দি দিব তোৰ দেউতাৰ খং কমিলে ৷ আৰু কলে তোৰ কিহৰ ইমান প্ৰয়োজন হৈছে মবাইলটোৰ ৷ অলপ সময়ৰ বাবেও যে তোৰ ধৈৰ্য্য নোহোৱা হ’ল কাৰণটো কি ? তেতিয়া ৰীনাই ক’লে, তেনেকুৱা একো নাই মা ৷ মবাইলটোত চাৰ্জ নাইকিয়া ৷ অলপ চাৰ্জত দিব লাগে বুলি ৰীনাই কোৱাৰ লগে লগেই এতিয়া আনি দিব নোৱাৰিম বুলি কৈ ৰীনাৰ মাকে নিজৰ কামত লাগি গ’ল ৷ ৰীনা বৰ চিন্তাত পৰিল ৷ ইফালে ৰাজুৱে বা কি বুলি ভাবে ? সি ৰীনাক ভুল বুজি যদি কিবা অঘটন গটাই কি হ’ব তেতিয়া ৷ ৰীনাই চিন্তাত চটফটাব ধৰিলে ৷ ৰীনাৰ হাতত কোনো উপায়ো নাছিল ৰাজুৰ লগত যোগাযোগ কৰাৰ ৷ ৰীনাই ৰাতিৰ ভাতসাঁজ নোখোৱাকৈয়ে বিছনাত পৰি মাথোঁ মচি গৈছিল দুচকুৰ অশ্ৰু ৷ ৰীনাই দুবাৰমান মনে মনে গৈ মবাইলটো বিচাৰিও আহিছে ৷ কিন্তু নাপালে ৷

                    নিশাৰ আহাৰ গ্ৰহণ কৰি মা দেউতা বিছনাত যায় ৷ ৰীনাৰ দেউতাই ৰীনাক বিয়া দিবলৈ ভাল ল’ৰা এজন চাম বুলি ক’লে ৷ তেতিয়া মাকে আপত্তি কৰে, নাই, তাইৰ জীৱনটো আপুনি ধ্বংস নকৰিব ৷ কলেজত নাম লগাই দিছে যেতিয়া অলপ লিখা পঢ়া কৰিব দিয়কচোন ৷ নাই, দেউতাই কোনো কথাই নুশুনে ৷ তেওঁৰ কথা এটাই, ভাল ল’ৰা পালেই ৰীনাক বিয়া দিব ৷ ইফালে সকলোবোৰ কথাই ৰীনাই শুনি আছিল ৷ ৰীনাৰ দেউতাই মাকক কৈছিল, এইকেইদিন তাইৰ চলন ফুৰণবোৰ তুমি লক্ষ্য কৰিছানে ৷ ৰাজু কোন ? তাইক কিয় ইমান ফোন কৰি আছিল ৷ কিবা নহয় কিবা এটা তো আছে ৷ গতিকে এতিয়াৰপৰা মোৰ সিদ্ধান্তত চলিব লাগিব তাই ৷ ৰীনাৰ মাকে কথাবোৰ আকৌ এবাৰ ভাবি সিদ্ধান্ত লওক বুলি কোৱাত মাকক ধমক দি ক’লে, তাইক মবাইল দিয়া নহ’ল আৰু কালিৰপৰা কলেজলৈ যোৱাও বন্ধ বুলি কৈ দিবা ৷

Related Posts

Leave a Comment