” বাধা নিদিবি মোৰ কলমক “

by Suruj Ali
0 comment

✍🏻ফাৰুক ইছলাম।

মোৰ প্ৰতিটো নিশ্বাসতে আছে বিশ্বাস
প্ৰাপ্তিৰ অশেষ শক্তি আছে মোৰ কলমত
আগঘেৰি নৰবি সেয়ে মোৰ আগত।

প্ৰস্তুত আছোঁ এটোপাল ৰক্ত থকালৈকে
নিদ্ৰাৰহিত হৈ নিৰৱচ্ছিন্নভাৱে
সংগী কৰি উকা পৃষ্ঠা আৰু কলমক।

ধৈৰ্য্যৰ সীমা উফৰি গ’ল
শিহৰিত হ’ল গাৰ প্ৰতিটো নোম
নকৰোঁ আজি ভয় কোনো অপ-শক্তিক।

হাতৰ পৰশত কলমে আজি
দ্বিধা,ভয়,শংকাক যাব তীব্ৰ গতিৰে ভেদি
পৃষ্ঠাই পৃষ্ঠাই অগ্নিৰ বীজ ৰোপন কৰি।

মানৱতাৰ জয়ৰ হেতুকে
হিংসা,বিদ্বেষ,কু-কৰ্মৰ হকে
প্ৰতিবাদী ঢৌ তুলি যাব মোৰ কলমে।

আঁৰৰ পৰাই যি কৰিব আছে কৰি থাক
তাতে নাই মোৰ মনত কোনো আশঙ্কা
মাথোঁ, বাধা নিদিবি মোৰ তীক্ষ্ণধাৰ কলমক।

Related Posts

Leave a Comment