ফেচবুক_প্ৰেম

by Suruj Ali
0 comment

দ্বিতীয়_খণ্ড (২)

               ৰাজুৰ হাতৰপৰা তেজ ওলোৱা দেখি ৰিনাই উপায়হীন হৈ ৰাজুৱে দিয়া প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰে । ৰাজুৰ হাতৰ পৰা বহুত তেজ ওলাই থকা দেখি ৰিনা অধৈৰ্য্য হৈ পৰিল ৷ ৰিনা আছিল বহুত ভয়াতুৰ ৷ তেজ, এক্সিডেণ্ট আদিবোৰ চাব নোৱাৰে ৷ ৰাজুৰ এইবোৰ পাগলামি দেখি ৰিনাই ৰাজুৰ এজন বন্ধুক ফোন কৰি সকলো কথা বিবৰি কয় ৷ ৰিনাৰ কথা শুনি বন্ধুজন তৎক্ষণাত ৰাজুৰ ঘৰত উপস্থিত হয় আৰু ৰাজুৰ অৱস্থা দেখি হতবাক হৈ পৰে ৷ তেওঁ লগে লগে ৰাজুক হস্পিতালত লৈ গৈ ডক্টৰ দেখাই ঘৰলৈ লৈ আহে আৰু বহুত বুজাই যাতে দ্বিতীয়বাৰ এনেকুৱা কাম কেতিয়াও নকৰে ৷

                এনেদৰে এদিন ৰাজু আৰু ৰিনাৰ মাজত প্ৰেমৰ সম্পৰ্ক আৰম্ভ হয় ৷ এনেকৈয়ে ৰাজু-ৰিনাৰ সম্পৰ্ক ফেচবুক বন্ধুপৰা প্ৰেমলৈ গতি কৰি পাৰ হৈ গ’ল ৬ মাহ ৷ বাস্তৱত কোনেও কাকো দেখা নাছিল যদিও সিহঁতৰ মাজত গঢ়ি উঠিছিল এক এৰাব নোৱাৰা ভালপোৱাৰ সম্পৰ্ক ৷ ৰাজুৱে ৰিনাক বহুত ভাল পায় আনকি ৰিনাইও ৷ এক মূহূৰ্তৰ বাবেও যেন এটাই আনটোক পাহৰিব পৰা নাছিল ৷ ৰাজুৰ জীৱনটো আছিল দুখেৰে ভৰা ৷ দুয়ো কথা পাতি থাকোতে কথাবোৰ কৈ কেতিয়াবা ৰাজু ভাঙি পৰে ৷ ৰিনাই উৎসাহ দিয়ে ৰাজুক ৷ এনেকৈ এদিন ৰীনা হৈ পৰে ৰাজুৰ বাবে জীয়াই থকাৰ প্ৰেৰণা ৷

                        এদিন কথা পাতি থাকোতে ৰাজুৱে ৰীনাক কলে, "ঐ… তোমাক এবাৰ লগ পাবলৈ বৰ মন গৈছে অ’ ৷ ৰীনাই মাথোঁ মিচিকিয়াই হাঁহি এটাৰে উত্তৰ দিলে "মন তো মোৰো যায়, তোমাৰ ওচৰত বহি, তোমাৰ দুচকুত চকু থৈ ৰঙীন পৃথিৱীখন উপভোগ কৰিবলৈ ৷" কিছু সময় মৌনতাৰে পাৰ হোৱাৰ পিছত দুয়োয়ে ঠিক কৰিলে পিছৰ সপ্তাহত দুয়ো লগ হ’ব ৷

‌ পিছৰ খণ্ডৰ বিচাৰিলে আপোনালোকৰ মাজলৈ অনা হ'ব।

Related Posts

Leave a Comment