ফেচবুক_প্ৰেম

by Suruj Ali
0 comment

বাস্তৱ_কাহিনী

ৰাবিয়া_বেগম

ভাৱনাবোঁৱতিনিজৰা

সপ্তমখণ্ড(৭)

 ৰীনাৰ উৰে নিশা টুপনি নাই ৷ মাথোঁ দুচকুৰে বৈ আহিছে চকুলো ৷ কি হ’ব আগলৈ ৷ দেউতাই কিয় এনেকুৱা কৰি আছে। ৰাজুক বা কেনেকৈ বুজাব এই পৰিস্থিতিৰ কথা ৷ এশ এবুৰি প্ৰশ্নই বিবেকত খুন্দিয়াই আছে ৰীনাৰ ৷ নিশাটো পাৰ হৈ গ’ল উজাগৰে ৷ ৰাতিপুৱা মাকক ক’লে, মই কলেজ যাম মা ৷ ওচৰতে বহি থকা ৰীনাৰ দেউতাই তোক কলেজ যোৱা বন্ধ বুলি কালিয়েই কৈ থৈছোঁ বুলি ধমকৰ সুৰত কোৱা শুনি ৰীনা দৌৰি গৈ নিজৰ বিছনাখনত পৰিল ৷ সঁচাকৈয়ে ৰীনাক কলেজলৈ যাব নিদিব নেকি দেউতাই ? কি হ’ব তাইৰ সপোনবোৰ ? জীৱনটোক ইয়াতেই সামৰিব লাগিব নেকি ৰীনাই ? কান্দি কান্দি তাই বহুত কিবাই ভাবিলে ৷ ইফালে মনে মনে মবাইলটো বিচাৰে ৷ নাই, নাপায় বিচাৰি ৷ না আছে দুচকুত নিদ্ৰা, না আছে খোৱা ৷ এনেকৈয়ে ৩ টা দিন পাৰ হৈ গ’ল ৷ তাইৰ এনে পৰিস্থিতিৰ কথা লগৰ কোনোবাই ও নাজানে ৷ জানিবনো কেনেকৈ ? মবাইল অফ কৰি থৈছে তাইৰ দেউতাই ৷ ইফালে ৰাজুৱেও লগৰ কাৰোবাৰ নাম্বাৰ নাজানে ৷ তাইৰ বহুত চিন্তা হৈছিল ৰাজুৰ বাবে ৷

                 পিছদিনা আছিল সোমবাৰ ৷ ৰীনাই ভাবিলে আকৌ এবাৰ ৰিকোৱেষ্ট কৰিব দেউতাক যাতে কলেজত যাবলৈ অনুমতি দিয়ে ৷ ভয় হৈছিল কাৰণ তাইৰ দেউতা আছিল বহুত খঙাল ৷ কি কৰিব তাই ৷ উপায়ন্তৰ হৈ ৰাতি একো নোখোৱাকৈ শুই শুই চকুলো মচি থাকোতেই মাক আহি ওচৰতে বহিল ৷ কি হৈছে মাজনী তোৰ ? ৰীনা নিমাত ৷ আকৌ প্ৰশ্ন কৰোঁতে মাথোঁ কলে একো হোৱা নাই মা ৷ ভাত কেইটামান খাবলৈ কোৱাত ভোক নাই বুলি কৈ মনে মনে শুই থাকিল ৷ ৰাতিৰ ভাতসাঁজ খাই ৰীনাৰ মা দেউতা বিছনাতে বহি কথা পাতি থাকোতে দেউতাই কলে, মৰমীক লগ পাইছিলোঁ ৷ তাইৰ পৰীক্ষা আহি পাইছে বুলি কলে ৷ কলেজত জাননী দিছে ফৰ্ম ফিলআপ কৰিবলৈ ৷ মই সুধি আহিলোঁ মৰমীক ৷ কাইলৈ মাজনীক কলেজলৈ যাবলৈ কবা ৷ তাই অকলে যাব নালাগে ৷ বিকিক কবা লৈ যাবলৈ ৷ ৰাতিপুৱা মাকে যেতিয়া বিকিক সোনকালে উঠি ৰীনাক কলেজলৈ লৈ যাব কলে তেতিয়া ৰীনাই শুনি উচপ খাই উঠিল ৷ সঁচাকৈয়ে তাইক কলেজলৈ যাব দিলে নেকি দেউতাই ৷ তাই মনটো অকণমান ভাল লাগিছিল শুনি ৷ এনেতে মাকে আহি মাতিলে, উঠ মাজনী ৷ কলেজত ফৰ্ম ফিলআপ চলি আছে হেনো ৷ কালি মৰমীয়ে তোৰ দেউতাক ক’লে ৷ বিকিয়ে লৈ যাব তোক ৷ সোনকালে উঠি সাজু হ’ ৷

                    কলেজৰ গাতে লাগি থকা কম্পিউটাৰ দোকান এটাত অনলাইন ফৰ্ম ফিলআপ কৰিলে ৷ ৰীনাৰ মনত এটাই চিন্তা কেনেকৈ ৰাজুৰ লগত যোগাযোগ কৰিব ৷ তাই চিন্তা কৰি উলিয়াই বিকিক কলে, দাদা তই অকণমান ইয়াতে থাকিবি মই কেৰাণীৰ ওচৰৰ পৰা আহোঁ ৷ তাত কাম আছে অলপ ৷ এইখিনি কৈ ৰীনা কলেজৰ ভিতৰলৈ সোমাই গৈ মৰমীক লগ পাই সকলো কথা বিৱৰি কলে ৷ ৰাজুক ফোন কৰোঁ বুলি মৰমীৰ মবাইটো ৰীনাই ললে যদিও ৰাজুৰ নম্বৰটো ৰীনাৰ মুখস্থ নাছিল ৷ এতিয়া কি কৰা যায় ৷ মৰমীৰ লগত ৰাজুৰ ফেচবুক বন্ধুত্বও নাই ৷ অৱশেষত ৰাজুলৈ ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠালে মৰমীৰ একাউণ্টৰ পৰা ৷ ৰাজু অনলাইন নাছিল তেতিয়া ৷ অপেক্ষা কৰি কৰি বহু সময় পাৰ হোৱাৰ পাছত ৰাজুৱে এক্সেপ্ট কৰিলে মৰমীৰ ৰিকুৱেষ্ট ৷ ৰীনই মেছেজ কৰি নম্বৰ খুজিলে ৷ ৰাজুৱে নম্বৰ দিয়াত ফোন লগালে ৰীনাই ৷ ৰাজুৰ মাতটো শুনিয়েই ৰীনাই হুকহুকাই কান্দি দিছিল ৷ ৰাজুৱে কি হৈছিল, মবাইল কিয় অফ কৰি ৰাখিছা বুলি সুধাত সকলো কথা ক’ম বুলি কৈ ৰাজুক সুধিলে ৰীনাই, তোমাৰ কোৱা আগতে ৷ যাওঁতে কিবা অসুবিধা তো হোৱা নাই ? জানা ৰাজু, বহুত বহুত মিছ কৰিছোঁ তোমাক ৷ আৰু শুনা, তুমি চিন্তা নকৰিবা ৷ মই সময় পালে ফোন কৰি সকলো ক’ম ৷ এতিয়া কথা পাতিব নোৱাৰিম ৷ দাদা বাহিৰত ৰৈ আছে বুলি কৈ ফোনটো কাটি ৰীনা বাহিৰলৈ ওলাই গ’ল ৷

         পৰবৰ্তী খণ্ডলৈ

Related Posts

Leave a Comment