ফেচবুক_প্ৰেম

by Suruj Ali
0 comment

পঞ্চমখণ্ড(৫)

#ৰাবিয়া_বেগম
ৰাজুৰ দুচকুৰে বৈ অহা চকুলোবোৰ ৰীনাই মচি দি কথাবোৰ খুলি কবলৈ সাহস দিছিল ৷ শুনা ৰীনা, তুমি ভালপোৱা ৰাজুৰ জীৱনত আপোন বুলিবলৈ কোনো নাই ৷ মানে মোৰ পিতৃ মাতৃ কোনো নাই ৷ মোক বেলেগ মানুহে ডাঙৰ দীঘল কৰিছে ৷ ৰাজুৰ কথাবোৰ শুনি ৰীনা আচৰিত হৈ ৰাজুৰ মুখলৈ চাই ক’লে, এইবোৰ কি কৈ আছা ৰাজু ৷ হয় ৰীনা, ঠিকেই কৈছোঁ মই ৷ পিতৃ-মাতৃৰ পৰিচয়হীন মই ৷ মোক বেলেগ মানুহে পঢ়াশুনা কৰাই মানুহ বনাইছে ৷ ৰাজুৰ কথাবোৰ ৰীনাই বিশ্বাস কৰিবলৈ টান পাইছিল ৷ আৰু বহুত প্ৰশ্ন জাগি উঠিছিল ৰীনাৰ মনত যদিও ৰাজুৰ অৱস্থা দেখি ৰীনাই কোনো প্ৰশ্ন নকৰি মাথোঁ সাহস দি কলে… মই তোমাক বহুত ভালপাওঁ ৰাজু ৷ হয়তো কোনোদিনে পাহৰিব নোৱাৰিম ৷

                         ৰীনাৰ মৌনতা দেখি ৰাজু কিছু অস্বস্তিত পৰিল। ভয় হৈছিল কিজানিবা ৰীনাই পাহৰি যায় ৷ কিবা ভাবি আছা ৰীনা ? নাই, নাই, একোতো ভাবি থাকা নাই বুলি কৈ ৰীনাই জোৰকৈ হাঁহি এটা মাৰি কলে, বলা ৰাজু আমি গুচি যাওঁ ৷ দেৰি হ’ল বহুত ৷ ৰাজু বৰ আবেগিক হৈ ক’লে,ব’লা ৰীনা আমি ক’ৰবালৈ গুচি যাওঁ ৷ ৰীনাই মিচিকিয়া হাঁহিৰে উত্তৰ দিলে ৷ এই পাগল, এনেকৈ নহ’ব দে ৷ আমি বিয়া হ’ম ৷ সময় আহক দিয়া বুলি কৈ ৰাজুৰ কপালত চুমা এটা দি দুয়ো ওলাই আহিল ৷ ইফালে ঘৰলৈ যাওঁতে দেৰি হোৱা দেখি ৰীনাৰ দেউতাই বাৰে বাৰে ফোন কৰি আছিল ৷ ভয়ত ৰীনাই ফোনটো ৰিচিভ কৰা নাছিল ৷ ৰাজুৱে ৰীনাক গাড়ীত উঠাই দি বিষন্নমনে দুয়ো এৰাএৰি হ’ল ৷ ইতিমধ্যে বেলিটো পশ্চিমাকাশত মাৰ যাওঁ যাওঁ হৈছে ৷ ৰীনাৰ দেউতাই বাৰে বাৰে ফোন কৰিও ৰীনাৰ সহাৰি নাপাই খং আৰু শংকাত এৰাব চুতালত গৈছে এবাৰ ভিতৰলৈ আহিছে ৷

                 সময় তেতিয়া ৫-৩০ হ’ল ৷ ৰীনা ভয়ে ভয়ে ঘৰৰ দুৱাৰখন খুলি ভিতৰলৈ সোমাব লওঁতেই দেউতাই থাপ মাৰি ৰীনাৰ হাতখনত ধৰিলে ৷ ৰীনা ভয়ত কঁপিব ধৰিছিল ৷ তাইৰ মূৰত আকাশখন খহি পৰা যেন অনুভৱ হৈছিল ৷ কিয় দেৰি হ’ল বুলি সোধাত ভয়ে ভয়ে কলেজতে দেৰি হ’ল বুলি কোৱাৰ লগে লগেই ৰীনাৰ দেউতাৰ খং দুগুণে উঠিল ৷ কোনখন কলেজ ইমান দেৰিলৈকে খুলা থাকে বুলি কৈ জুৰেৰে ধমক এটা দিলে ৷ ইফালে ৰীনাৰ হাতত থকা মবাইলটো বাৰে বাৰে বাজি থকাত ৰীনাৰ হাতৰপৰা দেউতাকে মবাইলটো লৈ যায় ৷ ৰাজু… ৰাজুৱে ফোন কৰি আছিল বাৰে বাৰে ৷ তাৰো চিন্তা হৈছিল ৷ ৰীনাই ঘৰ পালে নে নাই তাকেই খবৰ এটা লবলৈ ফোন কৰি আছিল ৰাজুৱে ৷ ৰাজুৱে বাৰে বাৰে ফোন কৰা দেখি ৰীনাৰ দেউতাই ৰাজু কোন বুলি সোধাত তাই লগৰ ল’ৰা বুলি উত্তৰ দিয়ে ৷ কালিৰপৰা কলেজ যোৱা বন্ধ বুলি কৈ লগে লগেই ৰীনাৰ দেউতাই মবাইলটো অফ কৰি দিয়ে ৷

    ( পৰৱৰ্তী খণ্ডত )

Related Posts

Leave a Comment