ফেচবুক_প্ৰেম

by Suruj Ali
0 comment

চতুৰ্থখণ্ড(4)

#ৰাবিয়া_বেগম 
                    ৰাজুৰ বাবে এখন সম্পূৰ্ণ অচিনাকি চহৰ ৷ ৰীনাই লৈ গ’ল ৰাজুক চহৰৰ মাজমজিয়াত থকা এখন পাৰ্কলৈ ৷ ৰীনাৰ পিন্ধনত আছিল কলেজৰ ইউনিফৰ্ম ৷ পাৰ্কত প্ৰৱেশ নিষেধ আছিল ইউনিফৰ্মত ৷ বিপাঙত পৰিল দুয়ো ৷ ৰেষ্টুৰেণ্টত যাবলৈ ৰীনাই বেয়া পায় ৷ অৱশেষত সৰু হোটেল এখনতে বহিল দুয়ো ৷ চকুত চকু থৈ বহুপৰ পাৰ হ’ল দুয়োৰে ৷ ইফালে লাজুকী ৰীনাৰ দুগাল লাজত ৰঙা পৰিল ৷ ৰাজুৰ বাবে ৰীনাই বনাই অনা বস্তুবোৰ উলিয়াই নিজ হাতে ৰাজুক খুৱাই দিলে ৰীনাই ৷ আনকি ৰাজুৱেও দিলে ৰীনাৰ মুখত ৷ ৰীনাই কিতাপ পঢ়ি ভালপায় ৷ ৰাজুৱে লৈ যোৱা কেইখনমান কিতাপ ৰীনাৰ হাতত তুলি দিয়ে।

                     বহু সময় পাৰ হৈ গ’ল ৷ কথা বতৰাৰ মাজতে ৰীনাই হঠাৎ ৰাজুক শুধিলে, ৰাজু তুমিতো কৈছিলা মোক লগ পালে কিবা ডাঙৰ কথা এটা আছে কবলৈ ৷ কোৱানা কি কথা ৷ ৰীনাৰ কথা শুনি ৰাজুৰ মুখখন ৰঙা পৰিল আৰু দুগালেৰে দুধাৰি অশ্ৰু নিগৰি আহিছিল ৷ ৰীনাৰ দুহাতত খামুচি ধৰি ৰাজুৱে এটা হুমুনিয়াহ এৰি কলে… মোৰ কথা শুনাৰ পাছত তুমি হয়তো মোক ঘৃণা কৰিবা, পাহৰি যাবা চিৰদিনৰ বাবে ৷ এইবোৰ কথা শুনি ৰীনা অবাক হৈ গ’ল ৷ আচলতে ক’ব বিচাৰে কি ৰাজুৱে ৷ নাই, শুনিবই লাগিব ৷ ৰীনাই মিচিকিয়াই হাঁহি ৰাজুৰ হাতখন জোৰকৈ ধৰি ক’লে, হেই পাগল ৷ কিয় তেনেকৈ কৈছা ? কথাটো কোৱানা ৷ ঠিক আছে ৰীনা, মই কম ৷ তাৰ আগতে তুমি মোৰ দুচকুলৈ চোৱা আৰু প্ৰমিজ কৰা যে তুমি মোক পাহৰি নোযোৱা ৷ ৰীনাই আকৌ মিচিকিয়াই হাঁহিলে ৷ ৰাজুৰ দুচকুৰে তেতিয়াও বৈ আছিল অশ্ৰু ৷ কঁপা কঁপা কণ্ঠেৰে কবলৈ আৰম্ভ কৰিছিল নিজৰ জীৱনৰ কথা ৷ 

                             ( পৰৱৰ্তী খণ্ডত )

Related Posts

Leave a Comment