ফেচবুক_প্ৰেম

by Suruj Ali
0 comment

তৃতীয়খণ্ড(৩)

#ৰাবিয়া_বেগম
সিদিনা আছিল বুধবাৰ ৷ বেচেৰা ৰাজুৰ ওৰে নিশা টুপনি নাই ৷ প্ৰেয়সীক লগ কৰিবলৈ যাব ৷ উৎকণ্ঠাৰ সীমা নাই ৷ ইফালে ৰীনা… তায়ো ব্যস্ত হৈ পৰিল পুৱাৰে পৰা ৷ প্ৰেমিকক লগ পাব ৷ তাকো প্ৰথম দেখা ৷ কিমান যে সপোন বুকুত ৷ ৰাজুৱে কি খাই ভাল পাই সকলো বস্তু নিজ হাতেৰে তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিলে ৰীনাই ৷ সময়বোৰ নোযোৱা হৈ গ’ল ৷ ১১ টা বজাত ৰাজুৰ ট্ৰেইন আহি পাব ৷ তায়ো লাহে লাহে কলেজলৈ বুলি ঘৰৰপৰা ওলাল ৷

               সময় তেতিয়া ১১ বাজিল ৷ প্লেটফৰ্মত অপেক্ষাৰত ৰীনাৰ বুকুৰ ধপধপনি লাহে লাহে বাঢ়িব ধৰিছে ৷ ট্ৰেইনখন আহি পাবৰে হ’ল ৷ কি কৰিব, কেনেকৈ চিনাকি হ’ব ৷ কত কি যে আহিব ধৰিলে ৰীনাৰ মনলৈ ৷ এনেতে এটা দীঘলীয়া হৰ্ণ মাৰি ট্ৰেইনখন আহি প্লেটফৰ্মত উপস্থিত হ’ল ৷ মানুহবোৰ এজন এজনকৈ নামি আহিব ধৰিলে ৷ সুন্দৰ সুঠাম চেহেৰাৰ এজন যুৱক ৰীনাৰ চকুত পৰিল ৷ বুকুখন চাট মাৰি ধৰিছিল তাইৰ ৷ তাই হৃদয়ত আঁকি থোৱা ৰাজু এইজনেই হ’ব লাগিব ৷ ৰীনাই ফোনটো তুলি হাতত লৈছিলহে মাত্ৰ ৷ ৰিংটনটো বাজিয়েই উঠিল ৷ ৰাজুৱে ফোন কৰিলে ৷ দুয়ো লগ হৈ ইজনে সিজনৰ চকুলৈ চাই আবেগিক হৈ পৰিল আৰু এনেকৈয়ে বহুপৰ পাৰ  হৈ ৰ'ল।

পৰৱৰ্তী খণ্ডলৈ…..

Related Posts

Leave a Comment