°°°°°°প্ৰিয়তমা°°°°°°

by Suruj Ali
2 comments
                      ✍️সুৰুজ আলী
                   সৰুপথাৰ,গোলাঘাট(অসম)
                       ৯১২৭৪৩৬৯৯৫

কিয় গুচি গলা বাৰু তুমি
মোৰ প্ৰিয়তমা..!
নাযাবা চোন মোক পাহৰি
তুমি মেলানি মাগিলে
দুখপায় মোৰ হৃৎ
বেদনাসিক্ত অনুভৱ বোৰ লুকাই
এবাৰ ফুঁহিয়া-যুহিয়াই চোৱা
ক্ষন্তেকীয়া জীৱনৰ সিমাহীন যন্ত্ৰণাক্লিষ্ট
মোক অকলে এৰি থৈ
নাযাবা তুমি চলনাৰ পথেৰে নিজকে লয়
যদি অহাৰ বাটেৰে যাবা গৈ
তেন্তে অহাৰ নো কি দৰকাৰ আছিল?
মোৰ অবুজ মনটোক অনিকেত কৰি
এতিয়া বৈৰী হ’ল মোৰ ভালপোৱা তোমাৰ বাবে,
কেনেকৈ বুজাম মই..!
পাহৰিব পাৰিম জানো..!
সেই চিনাকি নিশাৰ উল্কা দেখাৰ দৰে আশা বোৰ
এতিয়া তুমি যোৱাৰে পৰা,,
এন্ধাৰ হৈ পৰিল জোনাকী ৰজনী,
মোৰ বিশাল হিয়া খনি ধিয়াই ,
বাৰিষা ঢল নামি বুকুভেদি গৈছে
যেন ছিন্ন বিচ্ছিন্ন হোৱা এটি বিষাদময় নিজৰা
অন্তহীন ব্যথাকাতৰ সৈতে
পাৰ কৰিলোঁ জীৱনৰ প্ৰতিটো ক্ষণ ,
সাগৰৰ উৰমীলাত বঠা হেৰুৱা নাৱৰীয়াৰ দৰে।
বিচৰা নাছিলোঁ তোমাৰ পৰা
আকাশৰ জোন, বেলি-তৰা
মাথোঁ বিচাৰিছিলোঁ এধানী মৰম,
কিন্তু..!
এয়াই পালোঁ জীয়নত মাথোঁ প্ৰৱঞ্চনা,
যদি তুমি কলমৰ আকাৰে ইংগিত কৰিলা হেঁতেন
বুজিলোঁ হেঁতেন তোমাৰ অভাৱ অভিযোগ
জীৱনটো উচৰ্গা কৰিলোঁ হেঁতেন
তোমাৰ নামতে প্ৰিয়তমা !
তেতিয়া চাগৈ মোৰ ৰক্তজপা মৰহি নগ’ল হেঁতেন
তুমি যাবৰ পৰত আপক্তি নকৰি
হাঁহিৰ খোৰাক উঠত বিৰিঙয়াই দিলোঁ হেঁতেন
তুমি বুজিও যেন অবুজ মনটোৰে নিজৰ বাটেৰেই গলা,
আজি জানা…!
অকলশৰীয়া অনুভৱে বৰকৈ খামুচি ধৰিছে
নীৰৱতাক আকোঁৱালি লৈ
মনগনত বাৰে বাৰে প্ৰশ্ন উদয় হয়
কিয় গুচি গলা প্ৰিয়তমা..!
কিয়..!

Related Posts

2 comments

Maria Ahmed November 8, 2021 - 10:35 am

অতি সুন্দৰ অনুভৱ

Reply
Suruj Ali November 8, 2021 - 10:55 am

আন্তৰিক ধন্যবাদ

Reply

Leave a Comment