নপঢ়াকৈ কমেন্ট নকৰিব 🙏🏻🙏🏻

by Suruj Ali
0 comment

একমিনটৰকথা

#হঠাতেতেওঁফোন_কৰিছিল

                      #ৰাবিয়া_বেগম ৷
                         মৰিগাঁও

              ৰশ্মি দিনৰ দিনটো কৰ্ম ব্যস্ততাৰে পাৰ কৰে ৷ সন্ধিয়া হোৱাৰ লগে লগে ঘৰ আহে হাজাৰ চিন্তাৰ বোজা মূলৰ লয় ৷ সেইদিনা ৰশ্মিৰ গা মন কিয় জানো খুবেই বেয়া আছিল ৷ কৰ্মস্থলীৰপৰা ঘৰলৈ সোনকালেই উভতিছিল যদিও কিবা কামত ব্যস্ত হৈ পৰাৰ ভাবে সেইদিনা ঘৰ সোমাওঁতে প্ৰায় সন্ধিয়া ৭ মান বাজি গৈছিল । 
                    ৰশ্মিয়ে ঘৰ পাই মাত্ৰ কান্ধৰ বেগটো ড্ৰেচিং টেবুলৰ ওপৰতে থৈ বিছনাত বাগৰ দিছিল । কিছু দুঃচিন্তাই তাইক আৱৰি ধৰিছিল যদিও ইকাতি সিকাতি কৰি কৰিয়েই হঠাতে একো নুখোৱা কৈ চিল মিল টোপনি আহিছিল গুচি গ'ল ৷ ভাগৰুৱা দেহাটো লৈ শিতানৰ কাষতে মোৱাইলটো থৈ টোপনি গৈছিল তাই ৷ প্ৰায় তিনিবাৰ মোবাইলটো বাজি থাকিল যদিও ৰশ্মিয়ে গমেই পোৱা নাছিল ৷ চাৰিবাৰৰ মূৰত কাণত ৱাজ বাজি উঠিল চকামকা টোপনি ভাঙি খেপিয়াই খেপিয়াই মোৱাইলটো হাতত লৈ দেখিলে হঠাৎ তেওঁ ফোন কৰিলে ৷ 
                    তেতিয়া ৰশ্মিয়ে চকু দুটা ভালকৈ মোহাৰি বাৰে বাৰে চাই মনতে ভাবি আছিল কিবা সপোন দেখা নাইতো মই ? নহয় সেয়া সচাঁকৈ তেওঁৰ ফোন ৷ চাৰিবাৰ ফোনটো মিচকল উঠা দেখি তাই অলপ চিন্তাত পৰিছিল ৷ কিয় বা হঠাতে ফোন কৰিলে ? কিন্তু মনে মনে অলপ খং উঠিছিল তাইৰ ৷ এতিয়া বা আকৌ কি স্বাৰ্থ পূৰণ কৰিবলৈ ফোন কৰিলে তেওঁ ৷ Callback কৰিবলৈ দুবাৰ চেষ্টা কৰিলে যদিও মনত কিছু কথাই বৰ আমনি কৰিছিল ৷ তথাপিও তাই নিষ্ঠুৰ নহৈ ফোনটো লগালে ৷
                  বিপৰীত ফালৰপৰা ফোনটো ৰিচিভ কৰি লগে লগে কয় ৰশ্মি  তুমি Call back কৰিবা বুলি মই ভৱা নাছিলোঁ ৷ ভাবিলো তুমিও পৰিৱৰ্তন হৈছা ৷ এতিয়া দেখিলোঁ নাই, তুমি আগৰ দৰেই আছা ৷ তেতিয়া ৰশ্মিয়ে ক'লে, হ'ব হ'ব তোমাৰ মিঠা মাত থোৱা আৰু কোৱা  কিয় ফোন কৰিছিলা ? কিবা দৰকাৰ হৈছে নেকি ? তেতিয়া তেওঁ ক’লে, শুনা ৰশ্মি তুমি মোক অলপ সময় দিয়া মই দুটামান কথা কম ৷ তেতিয়া তাই ক'লে মোৰ হাতত ইমান সময় নাই কি কবলৈ আছে সোনকালেই কোৱা ৷
                     তেওঁ ক’বলৈ আৰম্ভ কৰিলে..... তুমি মোক প্ৰথমে ক্ষমা কৰি দিব পাৰিবা নে ? তাই ক'লে হেই এইবিলাক কি কৈ আছা ? তোমাৰ কি কথা কোৱা জলদি ৷ চকুপানী মচি মচি তেওঁ কবলৈ ধৰিলে--- মই তোমাক বহুত কষ্ট দিলোঁ ৷ মই তোমাৰ সৈতে বহুত অন্যায় কৰিলো ৷ মিছা অভিনয় কৰিলোঁ ৷ মিছা প্ৰতিশ্ৰুতি দিছিলোঁ ৷ তোমাৰ সচাঁ মনটোৰ সৈতে প্ৰতাৰণা কৰিলোঁ ৷ এতিয়া বুজিব পাৰিছো তুমি আচলতে সঁচা আছিলা ৷ তুমি সচাঁকৈ মোক ভাল পাইছিলা ৷ মই যি কৰিলোঁ তোমাৰ সৈতে, তুমি মোক ক্ষমা নকৰিলে মই কেতিয়াও সুখী হ'ব নোৱাৰিম ৷ তেতিয়া তাই ক'লে মই তোমাক বেয়া পোৱা নাই ৷ আচলতে কি জানা মই নিজতকৈ বেছি আপোন ভাবিছিলো তোমাক ৷ তুমি মোৰ মৰমত সুখী হ'ব নোৱাৰিলা কাৰণে মোৰ মৰমক দুভৰিৰে গচকি থৈ আঁতৰি গ’লা । আচল কথা কি জানা মই মধ্যক্ততি পৰিয়ালৰ ছোৱালী আৰু তুমি বহুত ধনী ঘৰৰ ল’ৰা আছিলা ৷ তোমাৰ সৈতে মই ফেৰ মাৰো কেনেকৈ ৷ সেয়াই আৰু বাদ দিয়া, তুমি চাগে বহুত সুখী নতুন গৰাকীৰ লগত ৷ নিশ্চয় মোতকৈ বহুত বেছি মৰম কৰে, যত্ন লয় ন’ ? বাদ দিয়া, যি হৈ গ’ল সেয়া পপোন বুলিয়েই ধৰি লোৱা ৷ পিছে কোৱা চোন আৰু কি কথা ? তেতিয়া তেওঁ ক'লে, শুনা, মই কেতিয়াও সুখী হ’ব পৰা নাই ৷ মই চাকৰিৰ লোভত পৰি তাইক বিয়া কৰিছিলোঁ ৷ তোমাৰ সৈতে মিছা কথা কৈ ৷ কিন্তু জানা তাই বহুত মৰম কৰে যদিওঁ মই সুখী হ'ব পৰা নাই ৷ তোমাৰ সৈতে অন্যায় কৰি মই কেনেকৈনো সুখী হ’ব পাৰোঁ ৷ আৰু কি জানা ৰশ্মি তোমাৰ স্থান তাই ল'ব পৰা নাই ৷ কেতিয়াও নোৱাৰে । এতিয়াও তোমাৰ দৰে তাই নহয় ৷ তাইয়ো মোৰ লগত বহুত প্ৰতাৰণা কৰিলে অ’ ৷ তেনেকৈ কৈ হুক হুকাই কান্ধিব ধৰিলে ৷
                  তেতিয়া ৰশ্মিয়ে ক'লে হেই কান্ধিছা কিয় ? সুখী হ'ব পাৰিবা সুখী হোৱা বুলি অনুভৱ কৰাচোন ৷ মই তোমাক বেয়া পোৱা নাই ৷ সংসাৰখন ভালদৰে চলাই নিয়া । তোমাৰ সৈতে এতিয়া আৰু কথা ক'ব নোৱাৰিম মোৰ পাকঘৰলৈ যাবৰ সময় হ'ল ৷ শেষত তোমাক এটাই কথা কম সেয়া কাণ দি শুনিবা, মোৰ সৈতে প্ৰেমৰ চলনাৰে যি কৰিলা ভালেই কৰিলা ৷ একো নাই, বেয়া পোৱা নাই মই ৷ আচলতে কাৰোবাক কোনোবাই পাবলৈ আজি কালি যোগ্য থকা হ'ব লাগে ৷ কাৰণ আজি কালি ল'ৰাতকৈ ছোৱালীৰ professions বিচাৰে ৷ ছোৱালীজী চাকৰি থকা হ'ব লাগে সেয়া দেখি আছোঁ। আৰু তুমি professions আৰু চাকৰি থকা ছোৱালী পালা ৷ এতিয়া তোমাৰ চিন্তা কৰিবলৈ একো নাই ৷ চাকৰি কৰা লগৰী পালা ৷ মাহত শেষত ধন আহিব ৷ কিন্তু তোমালৈ মোৰ এটা অনুৰোধ, চাকৰিক ভাল নাপাবা মানুহক ভাল পাবলৈ শিকিবা । মোৰ সৈতে যি কৰিলা এতিয়া তোমাৰ জীৱন সংগীজনীৰ লগত তেনে নকৰিবা ৷ নাৰীক ভাল পাব নাজানিলেও সন্মান কৰিবলৈ শিকা । কথাষাৰ কৈ ৰশ্মিয়ে ফোনটো কাটি দিলে ৷

Related Posts

Leave a Comment