জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ বাবে অক্লান্ত পৰিশ্রম কৰিও ব্যর্থতাৰ তিক্ততা পোৱা মানুহহো আছে এই পৃথিৱীত ।
জীৱনটোক নতুনকৈ আবিষ্কাৰ কৰাৰ বাবে কেতিয়াবা পৰাজিত হোৱাৰ প্ৰয়োজনো আহে। সহজতে বিজয়ী হোৱা যুদ্ধৰ আনন্দও ক্ষন্তেকীয়া। বাধা যিমানেই বিশাল হয়, বিজয়ৰ আনন্দও সিমানেই স্থায়ী হয়। জীৱন মানেই নিৰন্তৰ এক গতিময়তা……। পদে পদে বাধা বিঘিনি, প্রতিকূলতা আদি সকলো অতিক্ৰম কৰি, শৰীৰত সৃষ্টি হোৱা ৰক্তাক্ত ক্ষতবিক্ষত ঘাঁবোৰৰ পৰা ওলোৱা তেজৰ চেকুৰাবোৰ মছি আঁতৰাই প্রবল আত্মবিশ্বাসেৰে পুনৰ সংগ্ৰামত জপিয়াই পৰাৰ যি বাসনা – এয়েইতো জীৱন !
শেষত কওঁ যদি আপুনি জীৱন সংগ্ৰামৰ যুদ্ধ খনত ভাগৰি পৰিছে তেন্তে অলপ সময় জিৰাই লওক কিন্তু কেতিয়াও থমকি নৰব আগুৱাই যাওক অনিছ্ছাকৃত সত্বেও দুখোজ আগুৱাই ১০ খোজ পিছুৱাই আহিব লগীয়া হব পাৰে তথাপিও আশা এৰি নিদিব। আশাইটো জীৱনৰ জীয়াই থকাৰ সাহস।
✍️নাছৰিণ চুলতানা