✍️মাৰজিয়া আহমেদ
১৭/০৫/২১
অমানিশা হৈ নামি অহা
অন্ধকাৰময় জীৱনটোৱে যেন
ব্যাকুল হৈ প্ৰতিটো পল বাট চাই থাকে
গণি থাকে বাৰে বাৰে,,,,,,,,,,,,,,,,,
সেই দিনটো কেতিয়া আগমন কৰিব
য’ত থাকিব চৌদিশে পোহৰ
নাথাকিব বিষাদগ্ৰস্ত জীৱন
থাকিব মাথোঁ বিজয়ৰ উল্লাহ
নাথাকিব বেদনাৰ লেহমাত্ৰ চিন;
জীৱন ডায়েৰীৰ পাতত সজতনে সাঁচি ৰাখিম
জীৱনৰ সেই মধুৰতম ক্ষণ।।
আশাৰ বন্তি গছি জ্বলাই
স্বাৰ্থপৰ এই পৃথিৱীত,নিঃস্বাৰ্থ মনে খোজ দিওঁ
হাহাকাৰ কৰি ঘূৰি ফুৰোঁ
অকলশৰীয়া নিজান ৰাতি,
প্ৰতিটো খোজতেই যেন বিষাদৰ কাঁইট
নাই কোনো আপোনজন, নাপাওঁ সহাৰি
তথাপিও যেন থমকি ৰ’বৰ মন নকৰে
মাথোঁ এটাই লক্ষ্য,এটিয়েই মাথোঁ আশা
কেতিয়া বিচাৰি পাম,,,,,,,,,,,,,,,,,,,,
জীৱনৰ সেই মধুৰতম ক্ষণ।।
কেতিয়াবা কেতিয়াবা,,,,,,,,,,,,,,,,,
অকলেই চিঞৰি চিঞৰি ক’বলৈ মন যায়
বেছিপৰ নাই আৰু ,,,,,,,,,,,,,,,,
সপোণ দিঠক হ’বৰ,,,,,,,,,
মাজে-মাজে আকৌ বুকু ফালি ক্ৰন্দনৰ ৰোল
আৰু কিমান সহ্য কৰিম,,,,,,,,,,,
মাজ বাটৰ বাধা!
তথাপিও জীৱনটোৱে অৱকাশ নলয়
বিচাৰি ফুৰে,,,,,,,,,,,,,,,,,,,,,
জীৱনৰ সেই মধুৰতম ক্ষণ।।