এজন কৃষকৰ চাৰিটা গৰু আৰু এটা ছাগলী আছিল। এদিনাখন হঠাৎ এটা গৰুৰ বেমাৰ হোৱাত কৃষকজনে এজন পশু চিকিৎসক এজনক মাতি আনিলে । পৰীক্ষা কৰি চিকিৎসকজনে ক’লে, গৰুটো এক ভাইৰাছত আক্রান্ত হৈছে । মই ৩দিনৰ ঔষধ দিছো। ৩দিন পিছত যদি অৱস্থাৰ কোনো উন্নতি নহয়, গৰুটোক মাৰি পেলাব লাগিব। নহ’লে চাৰিওফালে ভাইৰাছ বিয়পিব।আন গৰুবোৰো এই ভাইৰাছত আক্রান্ত হব”
কাষত থকা ছাগলীটোৱে সিঁহতৰ কথাবোৰ মনোযোগেৰে শুনি আছিল ।পিছদিনাখন গৰুটোক ঔষধ খুৱাই দিয়াৰ পিছত ছাগলীটোৱে ওচৰত আহি ক’লে-“শক্তি অৰ্জন কৰা বন্ধু, উঠা। নহ’লে কিন্তু সিঁহতে তোমাক মাৰি পেলাব।”
দ্বিতীয় দিনাখন যেতিয়া চিকিৎসকে ঔষধ খুৱাই গুচি গ’ল,তেতিয়া ছাগলীটোৱে আকৌ গৰুটোৰওচৰলৈ আহি ক’লে-“ উঠা বন্ধু…, নহ’লে কিন্তু তুমি মৰিবা। চাও তোমাক অলপ সহায় কৰিব পাৰো নে নাই! উঠা উঠা! এক, দুই, তিনি…!”
তৃতীয় দিনা গৰুটোক ঔষধ খুৱাই দিয়াৰ পিছত চিকিৎসকজনে কৃষকক কলে- “যি দেখিছো ভাগ্য বেয়াই হব চাগে। কাইলৈ চাগে ইয়াক মাৰি পেলাব লাগিব।নহ’লে ভাইৰাছ চাৰিওফালে বিয়পিব।ইয়াৰ ফলত আন গৰুবোৰো এই ভাইৰাছত আক্রান্ত হব।”
এইখিনি কথা কৈ চিকিৎসক জন গুচি যোৱাৰ পিছত ছাগলীটোৱে আকৌ গৰুটোৰ ওচৰলৈ গৈ ক’লে-“বন্ধু, এইটোৱেই তোমাৰ শেষ সময়। আৰু সুযোগ নোপোৱা। মনলৈ শক্তি আনা বন্ধু, উঠা থিয় দিয়া। উঠা উঠা, উঠি থিয় দিয়া ! এইয়া,বচ বঢ়িয়া,লাহে লাহে! এতিয়া খোজকাঢ়িবলৈ চেষ্টা কৰা! এয়া পাৰিছা, তুমি,
এতিয়া দৌৰি চোৱাচোন!পাৰিছা তুমি, আৰু বেগত…। এয়া তুমি পাৰিছা বন্ধু…।”
হঠাৎ কৃষকজন আহি পালে আৰু দেখিলে গৰুটোৱে দৌৰি পথাৰৰ ফালে গৈ আছে। কৃষকজনে আনন্দত চিঞৰি ক’লে , “বাহ..এয়া দেখোন এক অলৌকিক ঘটনা।মোৰ গৰুটো সুস্থ হৈ গৈছে।মই এটা বিৰাট ডাঙৰ পার্টি দিম! মই কাইলৈয়ে এই ছাগলীটো কাটিম, কাটি মানুহক এসাজ খুৱাম।”
*শিক্ষাৰ বিষয়
এনেকুৱা ঘটনা আমাৰ জীৱনত প্রায়েই ঘটি থাকে। সঁচা অর্থ কোনেও বুজি নাপায় যে আচলতে কোনজন ব্যক্তি সফলতাৰ মূল নায়ক, কোনে পুৰস্কাৰ পোৱাৰ যোগ্য নাইবা এই সফলতাৰ পিছত কাৰ অৱদান আছে। এইদৰে কিমান মন, কিমান প্রাণ শেষ হৈ গৈছে হিচাপ নাই।যেনেকৈ ছাগলীটোৱেই গৰুটোৰ জীয়াই থকাৰ মূল কাৰন।মনত জোৰ আৰু আত্মবিশ্বাস প্রদান কৰি গৰুটোক জীয়াই ৰখাত সহায় কৰিলে।কিন্তু শেষত গৈ ছাগলীটোৱেই মৃত্যুৰ সোৱাদ লব লগা হ’ল গৰুটোক জীয়াই ৰখাৰ বাবে।