লাজুকী চকুৰ আঁৰেৰে নোচোৱাৰ ভাও ধৰি !!
খোলা চুলিৰে আনমনা হৈ
বকুল জোপাৰ তলেৰে খোজকাঢ়ি
মোৰ কাষেৰে পাৰ হৈ যোৱা
মিচিকীয়া হাঁহিমাৰি অপৰূপা ছোৱালী জনীৰেই
মই কলেজত প্ৰথম প্ৰেমত পৰিছিলোঁ।
সকলোতে তাইৰ ছবিকে উঠিছিল ভাহি
কাঢ়ি নিছিল মোৰ দুচকুৰ টোপনি
নিগাজী কৰি ঠাই লৈছিল মোৰ হৃদয়ৰ কাননত
নজনাকৈয়ে কত প্ৰেমৰ কবিতা তাইক লৈ লিখি
উজাগৰে পাৰ কৰিছিলোঁ কত নিশা
মতলীয়া হৈ পৰিছিলোঁ কলেজৰ প্ৰথম প্ৰেমত।
মোহিত হৈ অপৰূপাৰ ৰূপত
দ্বিধা,ভয়,শংকাক মনৰ পৰা আঁতৰাই
আগবঢ়াইছিলোঁ প্ৰেমৰ প্ৰস্তাৱ……..!!
কিন্তু, একো উত্তৰ নিদিয়াকৈয়ে মুখ মুছোকাই
গম্ভীৰ ভাৱেৰে আঁতৰি গৈছিল মোৰ ওচৰৰ পৰা
সেইদিনাৰ পৰাই কলেজৰ প্ৰথম প্ৰেমৰ আৰম্ভণি।
মোৰ নিজতকৈয়ো আপোন কৰি লৈছিলোঁ
পাহৰি গৈছিলোঁ নিজকে তাইৰ স্নিগ্ধ ভালপোৱাত
সপোন গাঁথি পূৰ কৰিছিলোঁ হৃদয়ৰ উকা পৃষ্ঠাত
পিছে, আজিওঁ মনত পৰে জীৱনৰ এই বেলাত
কলেজৰ প্ৰথম প্ৰেমৰ মধুৰ স্মৃতিৰ কথাক।
————○○○—————○○○—————
— ফাৰুক ইছলাম
বিশ্বনাথ চাৰিআলি।