এদিন মই হেৰাই যাম

by Suruj Ali
0 comment

পৃথিৱী খনেওঁ উমানে নাপাব……!
বিভোৰ থাকিব নিজস্বতাক লৈ সৱে
এজাক বলিয়া বতাহ আহি মোক চুই যাব
দুচকুতে ক’লা আন্ধাৰ ভাহি উঠিব
এদিন যে মই হেৰাই যাম
সকলো মায়া-মোহক এৰি
সেই কথা কোনোৱে গমকে নাপাব।
দিনৰ পিছত ৰাতি হৈ চলিছে নিজ গতিত
বিশাল এই বিশ্বব্ৰহ্মাণ্ড………
ৰঙীন প্ৰকৃতিৰ মাজে কৰিছে বিচৰণ
চৰাই-চিৰিকটি আৰু কত জীৱ।
ভৰসা নাই ক্ষন্তেক, ক্ষণস্থায়ী এই জীৱনৰ
ব্যস্ত হৈ থাকো আকাশলংঘী সপোনৰ দিশে
এদিন যে মই হেৰাই যাম নিজেওঁ নজনাকে
ভাৱি নাচাওঁ এবাৰোঁ সেই কথাকে।


ফাৰুক ইছলাম
বিশ্বনাথ চাৰিআলি

Related Posts

Leave a Comment