এক বাস্তৱ কাহিনী

by Suruj Ali
0 comment

Facebook_প্ৰেম

  #ৰাবিয়া_বেগম

প্ৰথম খণ্ড (১)
ৰাজু আৰু ৰিনাৰ প্ৰেমৰ সম্পৰ্ক:
ৰাজু আৰু ৰিনাৰ চিনাকি facebook ৰ আছিল প্ৰথমতে হাই হেলুকৈ এটা দুটা মেচেজ দিয়ে ৰাজুৱে ৰিনাক ।ৰিনাই মেডিয়াৰ ইমান কথা জনা নাছিল আৰু ৰিনাৰ প্ৰথম মেডিয়াত আছিল বুজিও নাপায় ইমান। এনেকৈ ৰাজুৰ লগত ৰিনাৰ চিনাকি হৈ এজনে সিজনৰ মোৱাইল নাম্বাৰ লয় আৰু কথা পাতে এনেকৈয়ে ৰাজু আৰু ৰিনাৰ এটা ভাল বন্ধুত্ব সম্পৰ্ক গঢ়ি উঠে লাহে লাহে দুইজনে ইজনে সিজনৰ বহুতো কথা জানিব পাৰিলৈ ৰিনাই যি কথা কয় ৰাজু শুনে আৰু ৰাজুৰ সকলো কথা ৰিনাৰ লগতে মিলি যায় । দিনৰ দিনটো তেওঁলোকে ফোনট ব্যস্ত থাকে। এদিন ৰাজুৱে ৰাজুৰ জীৱন কাহিনী কয় বহুত আবেগিক হৈ পৰে ৰিনাঈ বহুত বুজাই আৰু ৰাজুৱে ৰিনাৰ সকলো কথাই বুজি পায় ।ৰাজুক ৰিনাই প্ৰ্তিটো মুহূৰ্ত্ততে প্ৰতিটো দুখত যদি ভাগি পৰে ৰিনাই ৰাজুৰ সংগ্ৰহ দিয়ে একদম যেন আচৰিত বন্ধুত্ব দুইজনৰ।ৰাজু বহুত ধনী মানুহ ঘৰৰ ল’ৰা আছিল আৰু ৰিনা মধ্যবিত্ত পৰিয়ালৰ ছোৱালী। যদিওঁ ধনী মানুহৰ ঘৰৰ ল’ৰা কিন্তু আচৰণ চলন সকলো একদম দুখীয়া মানুহৰ দৰে আৰু সকলো মানুহৰ লগতে মিলাপ্ৰীতিত থাকে। এদিন হঠাতে ৰাজু বহুত ভাঙি পৰে ঘৰুৱা কিছু অসুবিধাৰ বাবে সেই মূহুৰ্তত ৰিনাই ফোন কৰিছিল আৰু ৰিনাৰ লগতে সকলো কথা কয় যদিওঁ কিন্তু সেইদিনা ৰাজুৱে ৰিনাক ভালপোৱাৰ প্ৰস্তাৱ দিয়ে তেতিয়া ৰিনাই আচৰিত হৈ আৰু কয় ৰাজু তুমি এইবিলাক কি কয় আছা তুমি আৰু মই ভাল বন্ধু হৈ এনেকৈ কথা ক’লে মই কিন্তু তোমাৰ লগত কথা নকওঁ এনেকৈ কয় ফোনটো ৰিনাই কাটি দিয়ে । তেতিয়া ৰাজুৱে ৰিনাক আকৌ কল কৰি কয় ৰিনা তুমি যদি মোৰ ভাল নোপোৱা তেতিয়া হ’লে মই জীয়াই নাথাকিম আৰু মোৰ কোনো নাই মোক সংগ্ৰহ দিয়া নহ’লে মোৰ জীৱন আধৰুৱা এনেকৈ কৈ ৰাজুৱে চকুৰ পানী মুচি আছে। তেতিয়া ও ৰিনাৰ এটাই উত্তৰ চোৱা ৰাজু তোমাক মই ভাল পাবলৈ নোৱাৰিম তুমি মোৰ ভাল বন্ধু হৈ থাকা সদায় তোমাৰ লগত থাকিম তাই এনেদৰে বুজায় কয় যে চোৱা ৰাজু বন্ধু সম্পৰ্ক আজীৱন থাকিব কিন্তু ভালপোৱাটো নাথাকে নাই ৰাজুৱে কোনো পদ্যই নামানে ৰিনাই খং কৰি ফোনটো কাটি দিয়ে। ৰিনা আৰু ৰাজুৰ মেডিয়াৰ চিনাকি যদিওঁ এতিয়া লৈ এজনে আনজনৰ সৈতে দেখা সাক্ষাৎ হোৱা নাই কিন্তু বিশ্বাসৰ ওপৰত সকলো চলি আছে। আচলতে ৰিনা এজনী সহজ মনৰ ছোৱালী আছিল।তাই সকলোকে বিশ্বাস কৰি লয় কোনো ভাবি নাচায়।ৰিনাই খং কৰি ফোনটো কাটি দিয়াৰ দিনাৰে পৰা ৰাজুৰ লগত কোনো ধৰণৰ যোগাযোগ নহয় আৰু দেখা হ’ব নো কেনেকৈ ৰাজু ঘৰ ৰিনাৰ ঘৰতকৈ ৩০০km দূৰত্ব প্ৰায় এদিনৰ ৰাস্তা। কিন্তু এদিন ৰাজু আৰু ৰিনাক ভিডিঅ’কল কৰে আৰু হাতদুখন বিল্টেৰে কাটি লয়।

‌পিছৰ খণ্ড বিছাৰিলে আপোনালোকৰ মাজলৈ অনা হ’ব

Related Posts

Leave a Comment