#একপক্ষীয়_প্ৰেম ————————————————- #ৰাবিয়া_বেগম ২.৫.২০২১

by Suruj Ali
1 comment

সাগৰ আৰু নীলিৰ চিনাকি হৈছিল ফেচবুকৰ জৰিয়তে ৷ সাগৰে কৰা প্ৰতিটো প’ষ্টত মন্তব্য দিছিল নীলিয়ে ৷ এদিন সাগৰে চিনাকি হওঁ বুলি নীলিক মেচেজ কৰিলে ৷ নীলিয়ে ৰিপ্লাই দিলে ৷ এনেকৈয়ে হাই হেল্ল’ৰ পৰা এদিন দুয়োৰে মাজত এটা ভাল বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল আৰু সেই বন্ধুত্বই এদিন গতি কৰিছিল ভালপোৱালৈ ৷ সাগৰে নীলিক বহুত ভাল পাই পেলাইছিল যদিও কথাবোৰ খুলি ক’ব পৰা নাছিল নীলিক ৷ ভয় হৈছিল তেওঁৰ, কিজানিবা নীলিয়ে বেয়া পায়, বন্ধুত্বৰ সম্পৰ্ক যদি ভাঙি যায় কেনেকৈ জীয়াই থাকিব সাগৰ ৷ সাগৰৰ বাবে এতিয়া নীলি যেন জীয়াই থকাৰ প্ৰেৰণা ৷ নীলিৰ লগত চিনাকি হোৱাৰপৰা সাগৰৰ প্ৰতিটো শব্দত, প্ৰতিটো অনুভৱত কিম্বা ৱাটচ্‌এপ-ফেচবুকৰ প্ৰতিটো স্টেটাচত মাথোঁ নীলিৰ প্ৰতি থকা অগাধ ভালপোৱাৰ পৰশ ৷ সাগৰে যদিও প্ৰকাশ কৰা নাছিল ভালপোৱাৰ কথা, নীলিয়ে কিন্তু সকলোবোৰ গম পাইছিল ৷

                নীলিক নিজতকৈও বেছি ভালপাইছিল সাগৰে ৷ কিন্তু নীলিয়ে সেই ভালপোৱাৰ মূল্য কোনোদিনে দিয়া নাছিল ৷  নীলিক অনলাইনত দেখি যেতিয়া সাগৰে মেছেজ দিছিল তেতিয়া নীলি ব্যস্ত হৈ আছিল অন্য কাৰোবাৰ লগত ৷ প্ৰতিটো মেছেজৰ পিছত অপেক্ষা কৰিবলগীয়া হৈছিল সাগৰে ৷ ইমান অবহেলা পোৱাৰ পিছতো সাগৰে এক মুহূৰ্তৰ বাবেও পাহৰিব পৰা নাছিল নীলিক ৷ নীলি যেতিয়া দুপৰ ৰাতিলৈ অনলাইনত আছিল সাগৰৰ মনত তেতিয়া এক অজান শংকাই থিতাপি লৈছিল ৷ নীলিয়ে কাৰোবাক ভাল পায় বুলি সাগৰে ভয়ত একো ক'ব নোৱাৰি তেতিয়া নিজে নিজেই চকুলো টুকি নিশাবোৰ উজাগৰে পাৰ কৰিছিল ৷ এদিন হঠাত নীলিয়ে কিবা কাৰণত সাগৰক বেয়া পাই সকলো সম্পৰ্ক ছিন্ন কৰি দিলে ৷ এনে লাগিল যেন নীলিয়ে সাগৰৰ ভালপোৱাৰ কিবা গোন্ধ পাইছিল তেতিয়াৰ পৰাই নীলিয়ে সাগৰক বন্ধুত্বৰ তালিকাৰ পৰা  উলিয়াই দিবলৈ চেষ্টা কৰি আছিল ৷ লাহে লাহে সাগৰক অৱহেলা কৰিবলৈ আৰম্ভ কৰিছিল ৷ 

               এদিন সাগৰে নভবাকৈ নীলিয়ে বন্ধুৰ তালিকাৰ পৰাও সাগৰক উলিয়াই দিছিল যদিও সাগৰে কিন্তু পাহৰি যোৱা নাছিল নীলিক ৷ নীলিয়ে কৰা প্ৰতিটো অৱহেলা আঘাতে সাগৰৰ অন্তৰখনত নীলিৰ প্ৰতি ভালপোৱাবোৰ বেছিকৈ জন্ম দিছিল ৷ নীলিয়ে যিমানেই সাগৰক আঁতৰাই ৰাখিব বিছাৰিছিল সাগৰৰ বুকুত নীলিৰ প্ৰতি সিমানেই ভালপোৱাবোৰ জাগি উঠিছিল ৷ সাগৰে নীলিক সঁচাকৈয়ে বহুত ভালপাই পেলাইছিল যদিও নীলিয়ে মাথোঁ দি গৈছে এবুকু যন্ত্ৰণা। এয়াই যেন এক প্ৰকৰৰ প্ৰকৃত ভালপোৱা যি বন্ধুৰ শীকলি ছিঙাৰ ভয়তে নিজৰ বুকুৰ বিষাদে ঘৰ সাজে কিন্তু নীলিয়ে বুজি নাপালে বিনিময়ত সাগৰে পালে মাথোঁ অৱহেলা ৷

Related Posts

1 comment

Suruj Ali November 8, 2021 - 3:14 am

অতি সুন্দৰ লিখনি

Reply

Leave a Comment