আৰ্তনাদ

by Suruj Ali
1 comment

মা’ ত‌ই মোক ভূল নুবুজিবি
জীয়াই থকাৰ বৰ ইচ্ছা আছিল অ’,,,,
ফলে-ফুলে জাতিষ্কাৰ সুন্দৰ পৃথিৱী খনত
কিছুমান মানুহ বৰ নিষ্ঠুৰ,,,,।
মানুহৰূপী কেইটামান দানৱে
মোক বৰ কষ্ট দিলে,,,,
মোৰ শৰীৰটোৰ পৰা এটোপালো
নোহোৱাকৈ তেজ খালে,,,,।
জান’ মা বৰ কষ্ট পাইছিলো ম‌ই
তোলৈ যে বৰকৈ মনত পৰিছিল,,,,
ত‌ই যে মোক অলপো কষ্ট নিদিয়াকৈ
বুকুৰ মাজত ৰাখিছিলি,,,,।
মা’ ভণীজনীক ভালকৈ ৰাখিবি
যাতে মোৰ দৰে তাইৰ একো নহয়,,,,
ম‌ই জানো
দানৱ কেইটাই শাস্তি নাপায়,,,,।
দুদিনৰ পাছতে
আকৌ মুকলি আকাশৰ তলতে থাকিব,,,,
মোৰ নিচিনা
ছোৱালীৰ ৰক্তপান কৰিবলৈ,,,,
আইনক কবিচোন মা
পাৰিলে শাস্তি দিবলৈ,,,,।
মোৰ দৰে ভূল যাতে
বেলেগ ভণীৰ লগত নকৰে,,,,
নিষ্ঠুৰ নিয়তিৰ ওচৰত ম‌ই হাৰি গ’লো
পিশাচ কেইটা জিকি গ’ল,,,,
শেষত নিঠৰ দেহটোৱে
মৃত্যুৰ শীতলি কোলাত জিৰণি ল’লে।।
✍️নাছৰিণ চুলতানা

Related Posts

1 comment

Suruj Ali November 8, 2021 - 3:15 am

সুন্দৰ প্ৰকাশ

Reply

Leave a Comment