তাৰ আগতেই এটা সাধু কও শুনক। আমেৰিকাৰ প্রেচিডেন্ট আব্রাহাম লিংকনক চাগে বহুতে জানে। এদিনাখন তেখেতে তেখেতৰ ল’ৰাটোক লগত লৈ ৰাতিপুৱা মৰ্ণিং ওৱাকত ওলালে। ৰাস্তাত এজন নিগ্রো ব্যক্তিয়ে লগ পাই তেওক টুপি খুলি সম্মান জনালে। পশ্চিমৰ দেশবোৰত ইয়াৰ এটা নাম দিয়া হৈছে Bow. এজনে যেতিয়া টুপি খুলি মুৰ তলমুৱা কৰে,তেতিয়া উত্তৰ সাপেক্ষে আনজনো একেদৰেই কৰিব লগীয়া হয়। আব্রাহাম লিংকনে সেই নিগ্ৰো মানুহজনক সন্মানৰ মূল্য দিলে কিন্তু তেখেতৰ ল’ৰাটোৱে নিদিলে। অলপ দূৰলৈকে যোৱাৰ পিছত তেখেতে ল’ৰাটোক সুধিলে -তুমি কিয় সন্মান নিদিলা? উত্তৰত ল’ৰাই কলে- মই কিয় এজন কৰ্মচাৰীক সম্মান জনাবলৈ যাম! ইয়াৰ উত্তৰত আব্রাহাম লিংকনে কলে- তুমি মোৰ সন্তান। আমাৰ দেশৰ এজন কৰ্মচাৰীয়েও জানে মানুহক কিদৰে সম্মান কৰিব লাগে, কিন্তু তুমি প্রেচিডেন্টৰ সন্তান হৈও নাজানিলা কিদৰে মানুহক সন্মান কৰিব লাগে! যিয়েই নহওক, আচল কথাত আহো আমি।এতিয়া কথাটো হ’ল -প্ৰায় ভাগ লেপৰ কভাৰবোৰ ৰঙা হয় কিয়? এইটো মই নিজেও নাজানোঁ। আপোনালোকৰ মাজত যদি কোনোবাই জানে তেনেহলে মোকো জনাব। সন্মুখত শীতকাল, প্ৰখৰ ৰদত ভালদৰে গৰম কৰি হাতৰ কাষত ৰাখি দিয়ক। মনত ৰাখিব ই কিন্তু বৰ প্ৰয়োজনীয়।
#আপুনি_জানেনে_বেছি_ভাগৰে_লেপৰ_কভাৰ_ৰঙা_কিয়_হয়?
previous post