*আজি ৰুষ্ট প্ৰকৃতি*

by Suruj Ali
0 comment

আজি ৰুষ্ট প্ৰকৃতি
সময় গতিশীল
গৈ আছে উভতি নোচোৱাকৈ
ৰুষ্ট হৈ পৰিছে আজি প্ৰকৃতি
কেউফালে আকৌ মহামাৰী
লৈ গৈছে চাৰিওকাষৰ সেউজীখিনি।
আজি শংকিত হৈ পৰিছে জীৱন
ক’ত হেৰাল এই সেউজীখিনি?
কোনে হেৰালে?
প্ৰকৃতিৰ ক্রোধাগ্নিত জাহ যাবৰ হ’ল
নোযোৱা কোনেও সাৰি।
মানৱৰ বাবেই হৈছে প্ৰকৃতিৰ
নি:শেষ মূল্যবোধ
সেয়েহে আমিয়ে জগৰীয়া নহয় জানো
আজিৰ এই পৰিস্থিতিৰ বাবে।
গৃহবন্দী আজি বিশ্ব মানৱ
আজি উত্তপ্ত প্ৰকৃতি
থৰহৰি কম্পমান আজি
ৰুষ্ট হ’ল প্ৰকৃতি
হেৰৌ জীবশ্রেষ্ঠ মানৱ জাতি।।

ৰাজুল তালুকদাৰ
মোৰাঝাৰ হোজাই

Related Posts

Leave a Comment