অভিমান তুমি মোৰ বুকুত

by Suruj Ali
0 comment

অভিমান তুমি মোৰ বুকুত
o
বিনীতা বৰা
যদিও জোনাকে আৱৰা নিশা
হৃদয়ৰ গোপন কোঠালিত ঘিট মিট এন্ধাৰ …
জোনাকে আৱৰা নিশা
যদিও আছা তুমি দূৰে দূৰে
জোনৰ দৰে তোমাৰ মুখ খনি
মোৰ দুচকুত পতাত জিলিকে …
তোমাৰ সুখত মই সুখী
তোমাৰ দুখত মই দুখী
মোৰ হৃদয়ৰ গোপন কোঠাত
তোমাৰ বাবে …
অভিমানৰ টোপোলা এটি ৰাখিছোঁ সাঁচি …
মোৰ বুকুৰ গভীৰত সাৰে থাকা তুমি
তুমি হ’বা আজীৱন আউঁসী নিশাৰ জোনাকী
মোৰ জীৱনত ৰং সানিবলে …।।

          ~~0~~

বিনীতা বৰা
হোজাই জিলা(কাকী)
তাং-11/11/2021.

Related Posts

Leave a Comment