-ঃআশাঃ

by Suruj Ali
0 comment

বিনীতা বৰা

তোমাৰ বিজুলী চকু জুৰিত

দেখা পাওঁ সাগৰ নীলাভ

আকাশ দেখোঁ
তোমাৰ বুকুৰ গভীৰত

বুকুত বিৰহৰ বেদনা লৈ
মন মোৰ উখলমাখল
সাগৰৰ ঢৌৰ দৰে …

নুবুজিলা তুমি কোনো দিনে
আবেগত হেচি ধৰে
বিষাদৰ যন্ত্ৰণা বোৰে

তথাপি আছোঁ বহি
নৈৰ বালিচৰত নীৰৱে …

দুৰ্ভগীয়া মোৰ মনৰ মাজত
বহু কল্পনা ৰাখিছোঁ পুহি
মাথোঁ তোমাৰ বাবে ।।
~000~
বিনীতা বৰা
হোজাই(কাকী)
তাং-7/11/2021.

Related Posts

Leave a Comment